Monday, August 4, 2025
25.2 C
Guwahati

প্ৰথম অধ্যায় থেলিচৰ দৰ্শন গ্ৰীক দৰ্শন Semeseter – II B.A G.U

Main Text

প্রথম অধ্যায়
থেলিচৰ দৰ্শন
(Philosophy of Thales)

থেলিচৰ পৰিচয় (Life-Sketch)
গ্রীক তথা সমগ্র পাশ্চত্য দৰ্শনৰ জনক (father of western philosophy) থেলিচ আছিল একাধাৰে দাৰ্শনিক, গণিতজ্ঞ, বিজ্ঞানী, জ্যোতির্বিদ, ইঞ্জিনিয়াৰ, ৰাজনীতিবিদ আৰু এজন সুদক্ষ নীতিপৰায়ণ ব্যক্তি। থেলিচ সম্পর্কে স্পষ্টকৈ একো জনা নাযায়। কাৰণ থেলিচে নিজে কোনো গ্রন্থ ৰচনা কৰিছিল নে নাই তাৰ কোনো সদুত্তৰ বিচাৰি পোৱা নাযায়। থেলিচ সম্পর্কে আমি যিখিনি জানিব পাৰিছোঁ সেই সকলোখিনি এৰিষ্ট’টলৰ লিখনিৰ পৰাহে। তদুপৰি, বিভিন্ন ভাষ্যকাৰে থেলিচৰ ওপৰ যি লিখি গৈছে তাকে আমি পৰম্পৰাগতভাৱে দলিল (document) হিচাপে গ্রহণ কৰি আহিছোঁ। বহুতে ক’ব খোজে যে থেলিচে ‘Nautical Astrology’ নামৰ এখন গ্রন্থ ৰচনা কৰিছিল। কিন্তু শেষলৈকে ই মিথ্যা বুলি প্রমাণিত হোৱাত দর্শানুৰাগী ব্যক্তি নিৰাশাত ভাঙি পৰে। অৱশ্যে এটা কথা এইখিনিতে স্পষ্ট কৰি দিয়া ভাল হ’ব যে থেলিচৰ দৰে ব্যক্তি এজনে কোনো পুথি বা গ্রন্থ ৰচনা কৰা নাই- কথাটো আমাক সন্তুষ্ট কৰিব নোৱাৰে। হয়তো তেওঁ ৰচনা কৰিছিল। কিন্তু সেই সময়ত সংৰক্ষণৰ ব্যৱস্থাৰ অভাৱত বা অন্য কিবা কাৰণত হয়তো আমাৰ হাতত আহি নপৰিল। থেলিচৰ নিজস্ব কোনো গ্রন্থ আছে নে নাই বিষয়টো যিহেতু বিতর্কিত, গতিকে আমি বিতর্কত নোযোৱাকৈ থেলিচ সম্পর্কে আগবঢ়োৱা বিভিন্ন ভাষ্যকাৰৰ গ্রন্থকেইখনকে অনুসৰণ কৰিলোঁ।


থেলিচৰ জন্ম হৈছিল সম্ভৱতঃ খ্ৰীষ্টপূর্ব ৬২৪ ত আৰু থেলিচে মৃত্যুবৰণ কৰিছিল সম্ভৱতঃ ৫৫০ খ্রীষ্টপূর্বত। কোনো কোনোৱে আকৌ থেলিচৰ মৃত্যু খ্রীষ্টপূর্ব ৫৫৪ ৰ পৰা ৫৪৮ ৰ ভিতৰত হৈছে বুলি ক’ব খোজে। অৱশ্যে এই চনবোৰৰ কোনো নিশ্চয়তা নাই। সেইবাবে প্রতিটো ক্ষেত্রতে লিখকসকলে ‘সম্ভৱতঃ’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়। থেলিচ ফিনিছিয়া বংশৰ (Pheonician descent) Examyas আৰু Cleobulina ৰ পুত্ৰ আছিল। থেলিচ আছিল এছিয়া মাইনদ (Asia Minor) মিলেটাছ (Miletus) চহৰৰ বাসিন্দা। মিলেটাছক আয়োনিয় (Ionia) বুলিও কোৱা হয়। থেলিছৰ সময়ছোৱাত এছিয়া মাইনৰৰ অধিকাংশ চহৰস্তু আছিল সংঘাতময় পৰিস্থিতি। মিলেটাছ আছিল এখন উন্নত বাণিজ্যিক চহৰ য’ আছিল অগণন দাস-জনগণ। স্বাধীন জনগণৰ মাজত ধনী আৰু দৰিদ্ৰ শ্ৰেণীৰ সংগ্ৰা আছিল অত্যন্ত তীব্র। ই যেন মার্ক্সৰ শ্ৰেণী সংগ্রাম তত্ত্বৰেই সূত্রপাত। মিলেটাছ এই শ্রেণী সংগ্ৰামৰ ফলত প্ৰথমতে দাস জনগণ জয়লাভ কৰে আৰু অভিজাত শ্ৰেণীৰ স্ত্ৰী আৰু সন্তানক হত্যা কৰে। পিছলৈ এই সংগ্ৰামৰ ফলত অভিজাত শ্রেণী জয়লাভ কৰে আৰু বিৰোধীসকলক অগ্নিদগ্ধ কৰি হত্যা কৰে। এনে বিবৰণ বাট্টাও ৰাছেলৰ কিতাপত পোৱা যায়।


থেলিচৰ জীৱনক লৈ বহু কথাই শুনা যায়। কিমান যে গল্প, ৰূপকথা, উপাখ্যান আছে থেলিচকলৈ। দার্শনিকসকলক উপহাস কৰি সচৰাচৰ আমি বহু কথাই শুনি থাকোঁ আৰু শুনি শুনি অভ্যস্তও হৈছোঁ। তেনে এক গল্প আছে থেলিচক লৈও। আমি জানোঁ যে থেলিচ এজন জ্যোতির্বিদ (astrologer)। জ্যোতির্বিদ হিচাপে থেলিচে প্রায় গ্রহ-নক্ষত্র পর্যবেক্ষণ কৰিছিল। এনেকুৱা শুনা যায় যে থেলিচ এদিন আকাশৰ তৰা পৰ্যবেক্ষণ কৰোতে কৰোতে অন্য মনস্ক হৈ তেওঁ এটা কুঁৱাৰ মাজত পৰি গৈছিল। অৱশ্যে এনে হাস্যকৰ গল্পৰ বাহিৰেও থেলিচৰ কৃতিত্বৰ ওপৰতো আছে আৰু বহুত কাহিনী। থেলিচ এবাৰ সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দি সুবিখ্যাত হৈ পৰিছিল। জ্যোতির্বিজ্ঞানীসকলৰ মতে, এই গ্রহণ খ্রীষ্টপূর্ব ৫৮৫ চনত সংঘটিত হয়। সূর্য গ্রহণ সন্দৰ্ভত আগবঢ়োৱা থেলিচৰ এই পূর্বাভাস জ্যোতির্বিজ্ঞানৰ ইতিহাসত এটা ডাঙৰ ঘটনা আছিল।
থেলিচ এজন ইঞ্জিনিয়াৰো আছিল। থেলিচৰ ইঞ্জিনিয়াৰিং জ্ঞানৰ কথা বহুতো কিতাপত উল্লেখ আছে। কোৱা হয় যে যেতিয়া ক্রোচাছ আৰু তেওঁৰ সৈনিকসকলে হেলিচ (Halys) নদীখন পাৰ হ’ব পৰা নাছিল, তেতিয়া থেলিচ তেওঁৰ ইঞ্জিনিয়াৰিং জ্ঞানৰ সহায়ত নদীৰ গতিপথ সলনি কৰি তেওঁলোকক নদীখন পাৰ হ’বলৈ সহায় কৰিছিল।
থেলিচ প্রায় ইজিপ্ত ভ্ৰমণ কৰিছিল। তাৰ পৰাই থেলিচ জ্যামিতিবিজ্ঞানৰ ধাৰণা লাভ কৰিছিল। জ্যামিতিৰ বিষয়ে ইজিপ্তবাসীৰ জ্ঞান আছিল প্রধানতঃ অভিজ্ঞতালব্ধ আৰু আইন-কানুনহীন ব্যৱহাৰিক পদ্ধতি। ক’বলৈ গ’লে জ্যামিতিৰ অধ্যয়ন আৰু গণিতৰ স্বৰ্ণ যুগৰ আৰম্ভণি তেওঁৰ পৰাই। ইজিপ্তৰ পিৰামিড সম্পর্কেও তেওঁ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আবিষ্কাৰ কৰিছিল। পিৰামিডৰ পৰা প্ৰতিফলিত ছায়াৰ থেলিচৰ দৰ্শনৰ সহায়ত সিহঁতৰ উচ্চতা পৰিমাপৰ উপায় হেনো থেলিচে আবিষ্কাৰ কৰিছিল। আনকি, এনে কথাও শুনা যায় সাগৰৰ পাৰৰ পৰা সাগৰত ভাস্যমান জাহাজৰ দূৰত্ব থেলিচেই সর্বাগ্রে গণনা কৰি উলিয়াইছিল। এই গণনা কার্যত পোন প্রথমে তেৱেঁই নিগমন পদ্ধতি ব্যৱহাৰ কৰিছিল বুলি বহুতে দাবী কৰে। ৰাছেল অৱশ্যে এই কথা সঠিক নহয় বুলি কৈছে।


থেলিচ এজন সুদক্ষ ব্যৱসায়ী আছিল। এনে এটা উদাহৰণ এৰিষ্ট’টলৰ ‘Politics’ গ্রন্থত উল্লেখ আছে। এৰিষ্ট’টলৰ মতে, বাণিজ্যিক ক্ষেত্রতো থেলিচ বিচক্ষণ বুলি প্রসিদ্ধি লাভ কৰিছিল। থেলিচৰ ব্যৱসায়ৰ দক্ষতা সন্দৰ্ভত এৰিষ্ট টল উল্লিখিত অতি মনোৰম দৃষ্টান্তটো এনেধৰণৰ- ‘থেলিচৰ দৰিদ্ৰ অৱস্থাৰ বাবে তেওঁক এবাৰ কটাক্ষ কৰা হয়। এই কটাক্ষৰ পৰা এইটো প্ৰমাণ কৰাৰ চেষ্টা কৰা হয় যে ব্যৱহাৰিক জীৱনত দৰ্শনৰ কোনো প্রয়োজনীয়তা নাই। এই কাহিনী অনুসৰি শীতকাল অহাৰ পূৰ্বে আকাশৰ নক্ষত্ৰ পৰ্যবেক্ষণ কৰি থেলিচ অভিজ্ঞতা আৰু মেধাৰ সহায়ত অনুমান কৰে যে আসন্ন মৌচুমিত জলফাইৰ ফচল ভাল হ’ব। গতিকে সামান্য পৰিমাণ অর্থ থকা সত্ত্বেও তেওঁ কিয়চ আৰু মিলেটাছৰ সকলো তেলকল ব্যৱহাৰ কৰাৰ বাবে টকা জমা দিয়ে। নিলামত তেওঁৰ কোনো প্রতিপক্ষ নথকাৰ কাৰণে তেওঁ খুব সামান্য অৰ্থৰে সকলো তেলকল ভাড়া কৰিবলৈ সক্ষম হয়। ফচল সংগ্ৰহৰ সময়ত যেতিয়া বহুতে একেলগে আৰু আকস্মিকভাবে তেলকল ভাড়া কৰাৰ বাবে আগ্রহ প্রকাশ কৰে, তেতিয়া তেওঁ নিজ ইচ্ছানুসাৰে উচ্চমূল্যত সেইবোৰ ভাড়া দি প্ৰচুৰ অৰ্থ উপার্জন কৰে। এইদৰে তেওঁ বিশ্ববাসীক এইটো প্ৰমাণ কৰি দেখুওৱায় যে দার্শনিসকলে ইচ্ছা কৰিলে অতি সহজেই ধনী হ’ব পাৰে। কিন্তু ধনী হোৱা দার্শনিকসকলৰ উচ্চাকাংক্ষা নহয়, সিহঁতৰ উচ্চাকাংক্ষা ভিন্ন এক ধৰণৰ’ (Bertrand Russell: History of Western Philosophy, p. 45)। এই কাহিনীৰ দ্বাৰা এটা কথা প্রমাণ হয় যে দর্শন অধ্যয়নৰ ব্যৱহাৰিক লাভালাভৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়। দর্শন অধ্যয়নৰ ব্যৱহাৰিক উপযোগিতা আছে।


থেলিচ তেওঁৰ নৈতিক মতবাদৰ বাবেও খ্যাতি অর্জন কৰিব পাৰিছিল। অৱশ্যে তেওঁৰ নৈতিক মতবাদৰ কোনো প্রামাণিক দলিল নাই। ‘নিজকে জনা’, ‘অতপালি পৰিহাৰ কৰা’ প্রভৃতি নৈতিক সূত্র তেওঁ প্রথমে প্ৰচাৰ কৰিছিল বুলি বহুতো ভাষ্যকাৰে মত পোষণ কৰে। ৰাজনৈতিক ক্ষেত্ৰতো থেলিচ আছিল এজন সুদক্ষ ব্যক্তি। আয়োনিয়া নগৰ ৰাষ্ট্ৰবোৰৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ উপায় হিচাপে তেওঁ এখন আয়োনিয়া যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ কৰিছিল। থেলিচ ঠিকেই অনুমান কৰিছিল যে পাৰছিকসকলৰ ক্রমবর্ধমান শক্তি কালক্ৰমত সৰু সৰু ৰাজ্যবোৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত বিপজ্জনক হৈ থিয় দিব। সেইবাবে থেলিচে এই প্রস্তাৱ আগবঢ়াইছিল। তদুপৰি, গ্ৰীক উপনিবেশবোৰক সংযুক্ত কৰাৰ প্ৰাথমিক পদক্ষেপ হিচাপে এটা কেন্দ্রিয় ৰাজধানী প্রতিষ্ঠাৰ বাবে থেলিচে প্ৰস্তাৱ কৰিছিল। অৱশ্যে থেলিচৰ এই প্ৰস্তাৱৰ গভীৰতা সেই সময়ত কোনোৱে উপলব্ধি কৰিব পৰা নাছিল।


গতিকে দেখা যায়, থেলিচ আছিল এজন তীক্ষ্ণবুদ্ধিসম্পন্ন বিখ্যাত পণ্ডিত ব্যক্তি। থেলিচ যে এজন জ্ঞানী ব্যক্তি আছিল এই কথা সেইকালৰ সাতজন ঋষিৰ তালিকাত তেওঁৰ নামটো অন্তর্ভুক্ত হোৱাত স্পষ্ট হৈ পৰে। কোৱা হয় যে সেই সময়ত সাতজন মনীষীৰ ভিতৰত থেলিচ আছিল সর্বশ্রেষ্ঠ। অৱশ্যে সেই সাতজন ঋষিৰ তালিকাৰ কোনো ঐতিহাসিক ভিত্তি নাই। কিন্তু তাৎপর্যপূর্ণ কথাটো হ’ল যে সেই তালিকাৰ নামবোৰ বিভিন্ন দার্শনিকে পৰিৱৰ্তন কৰিলেও থেলিচৰ নাম প্রত্যেকজনৰ তালিকাতে অন্তর্ভুক্ত আছিল। ইয়াৰ পৰা অনুমান কৰা যায় যে থেলিচ আছিল এজন জ্ঞানী-গুণী ব্যক্তি আৰু শ্ৰদ্ধাৰ পাত্ৰ। কিন্তু পৰিতাপৰ বিষয় এয়ে যে থেলিচৰ দৰ্শন তথা পাণ্ডিত্যৰ যথার্থ মূল্যায়ন কৰোতে আমাৰ অলপ পলম হ’ল।


বিজ্ঞানী হিচাপে থেলিচ (Thales as a Scientist)

পাশ্চত্য দৰ্শনৰ জনক থেলিচৰ দাৰ্শনিকত্বক লৈ আমাৰ কোনো সন্দেহ নাই।
দর্শন আৰু বিজ্ঞান ঘনিষ্ঠ সম্বন্ধৰে বন্ধা। কিন্তু প্রশ্ন হ’ল: থেলিচ দার্শনিক হয় ঠিকেই, কিন্তু থেলিচ বিজ্ঞানী হয় নে? যদি হয়, তেনেহ’লে কোন কোন যুক্তিৰ আধাৰত থেলিচক এজন বিজ্ঞানী বুলি পৰিগণিত কৰিব পাৰি? এই প্রশ্নটো অতি জটিল। সহজে ইয়াৰ উত্তৰ দিব পৰা নাযায়। কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে থেলিচ লিখিত কোনো গ্রন্থ নাই; একেদৰে থেলিচ আবিষ্কৃত কোনো বস্তুও আমাৰ হাতত নাই। গতিকে তেওঁক আমি পোনপটীয়াকৈ এজন বিজ্ঞানী হিচাপে স্বীকৃতি দিব নোৱাৰে। কিন্তু থেলিচ সম্পর্কে যিখিনি গল্প, উপাখ্যন প্রচলিত আছে, তাৰ পৰা আমাৰ এনে বোধ হয় যে থেলিচ এজন বিজ্ঞানী আছিল। আজিৰ দিনত যি অৰ্থত আমি কাৰোবাক বিজ্ঞানী বুলি কওঁ, সেই অর্থত নহ’লেও, থেলিচক এজন বিজ্ঞানী হিচাপে পৰিগণিত কৰিব পাৰি।


থেলিচৰ জীৱনক লৈ যিবিলাক কাহিনী আছে তাৰ পৰা এনে বোধ হয় যে থেলিচ এজন বিজ্ঞানী আছিল। পুনৰুক্তি হ’লেও এনে কিছুমান কাহিনী আকৌ উল্লেখ কৰা হ’ল আলোচনাৰ সুবিধার্থে। থেলিচ ৫৮৫ খ্রীষ্টপূর্বত সংঘটিত এটা সূর্য গ্ৰহণৰ পূর্বাভাস দি বিখ্যাত হৈছিল। জ্যোতির্বিজ্ঞানৰ জগতত এই ঘটনা আছিল অভূতপূর্ব। জ্যোতির্বিজ্ঞানীসকলে আবিষ্কাৰ কৰিছিল যে প্রায় উনিশ বছৰৰ মুৰে মুৰে পর্যায়ক্রমে গ্রহণ পুনঃসংঘটিত হয়। তেওঁলোকে প্রায় পূর্ণ সাফল্যৰ সহায়ত চন্দ্ৰ গ্ৰহণ সংঘটিত হোৱাৰ সঠিক পূর্বাভাস দিব পাৰিছিল, কিন্তু সূর্য গ্রহণ সম্পর্কে তেওঁলোকে কোনো পূর্বাভাস দিবলৈ সক্ষম নাছিল। কাৰণ সূর্য গ্রহণ এঠাইত প্রত্যক্ষিত হ’ব পাৰে আৰু অন্য স্থানত প্রত্যক্ষিত নহ’বও পাৰে। কিন্তু থেলিচৰ কৃতিত্ব এয়ে যে তেওঁ সফলতাৰ সহায়ত সেই সময়ত সূর্য গ্ৰহণৰ পূর্বাভাস দিব পাৰিছিল। এনে ঘটনাই এইটো নির্দেশ কৰে যে থেলিচ এজন তীক্ষ্ণবুদ্ধিসম্পন্ন বিজ্ঞানী আছিল। তদুপৰি, আৰু শুনা যায় যে থেলিচ ইজিপ্তৰ পিৰামিড সম্পর্কেও কিছুমান গুৰুত্বপূৰ্ণ তথ্য আবিষ্কাৰ কৰিছিল। পিৰামিডৰ পৰা প্ৰতিফলিত ছায়াৰ সহায়ত সিহঁতৰ উচ্চতা পৰিমাপৰ উপায় হেনো থেলিচে আবিষ্কাৰ কৰিছিল। আনকি, এনে কথাও শুনা যায় সাগৰৰ পাৰৰ পৰা সাগৰত ভাস্যমান জাহাজৰ দূৰত্ব থেলিচেই সর্বাগ্রে গণনা কৰি উলিয়াইছিল। থেলিচ সম্পর্কে উল্লিখিত কথাবোৰ যদি সত্য হয়, তেনেহ’লে থেলিচক নিসন্দেহে এজন বিজ্ঞানী বোলা যায়।


থেলিচ বিজ্ঞানী হয় নে নহয়- ইয়াৰ উত্তৰত বিভিন্ন দার্শনিকে থেলিচক একমুখে এজন বিজ্ঞানী হিচাপে স্বীকৃতি দিছে। দার্শনিক ৰাছেল (B. Russell), বার্পেট (John Burnet) আৰু আৰ. এচ. ব্রাম্ব (Robert. S. Brumbaugh) আদিয়ে থেলিচক এজন বিজ্ঞানী হিচাপে স্বীকাৰ কৰিছে। ৰাছেলৰ বক্তব্য হ’ল, আধুনিক অর্থত দার্শনিক বুলিলে আমি যাক বুজোঁ, সেই অর্থত নহ’লেও এজন বিজ্ঞানী হিচাপে থেলিচক শ্রদ্ধা জ্ঞাপন কৰা যায়। বার্পেট মিলেটাছৰ সৃষ্টিতত্ত্ববিদ সম্প্ৰদায়ৰ প্ৰৱৰ্তকৰূপে থেলিচক অভিনন্দন জনাইছে আৰু কৈছে যে, থেলিচেই হ’ল প্রথম ব্যক্তি যাক এজন বিজ্ঞানী হিচাপে যথাযথভাবে আখ্যা দিয়া যায়। ব্রাম্ব প্রায় একেই মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে, পাশ্চত্য জগতত বিজ্ঞান আৰু দৰ্শনৰ প্রথম আবিৰ্ভাৱৰ বাবে আমি প্ৰকৃততে মিলেটাছৰ থেলিচৰ ওচৰতেই ঋণী। গতিকে এইসকল দার্শনিকৰ অভিমতক আগত ৰাখি আমি এই সিদ্ধান্তলৈ আহিব পাৰোঁ যে থেলিচক এজন বিজ্ঞানী আছিল। দৰাচলতে থেলিচেই সৰ্বদর্শন আৰু সৰ্ববিজ্ঞানৰ জনক (father of all philosophy and all sciences)। ‘থেলিচ আয়োনিক সম্প্ৰদায়ৰ (Ionic School) এজন মূখ্য পৃষ্ঠপোষক। আয়োনিক সম্প্ৰদায়ৰ আন দুজন দার্শনিক হ’ল এনাক্সিমেণ্ডাৰ (Anaximander) আৰু এনাক্সিমিনিচ (Anaximenes)। আয়োনিক দার্শনিকসকল আছিল প্রকৃতিবাদী বা জড়বাদী। তেওঁলোকে প্রাকৃতিক কোনো পদাৰ্থৰ অৰ্থাৎ জড় পদাৰ্থৰ আলমত জগতৰ ব্যাখ্যা দিছে। সেইবাবে তেওঁলোকক Hylicist বুলিও কোৱা। কাৰণ গ্ৰীক ভাষাত ‘Hule’ শব্দৰ অৰ্থ হ’ল জড় বা পদার্থ (matter)। তদুপৰি, আয়োনিকসকলে পৰম সত্তাক সজীৱ, গতিময় আৰু পৰিৱৰ্তনযুক্ত বুলি অভিহিত কৰিছে। সেইকাৰণে তেওঁলোকক সজীৱ জড়বাদী (hylozoist) বুলিও অভিহিত কৰা হয়।


গ্রীক তথা সমগ্র পাশ্চত্য দর্শন যি মূল প্রশ্নটোক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল সেই প্রশ্নটোৰ সৰ্বপ্ৰথম উত্তৰ দিছে থেলিচে আৰু সেইবাবে তেওঁক গ্রীক তথা সমগ্র পাশ্চত্য দর্শন জনক বুলি কোৱা হয়। ৰাছেলৰ মতে, থেলিচৰ পৰাই দৰ্শনৰ জয়যাত্ৰাৰ আৰম্ভণি। দৰ্শন আৰম্ভণিৰ সেই বহুমূলীয়া প্রশ্নটো হ’ল: জগত সৃষ্টিৰ আদিমূল সত্তাটো কি? (What is the primary stuff out of which the universe is made?)। ইয়াৰ উত্তৰ থেলিচে জড় পদাৰ্থৰ আলমত দি কৈছে যে, পানীয়ে আদিমূল সত্তা (water is the primary stuff) যাৰ পৰা সমগ্ৰ জগতৰ উৎপত্তি হৈছে। পানীৰ পৰা যাৱতীয় পদাৰ্থৰ উৎপত্তি আৰু পানীতেই সকলো বস্তুৰে পৰিণতি ঘটে। পানী সকলো বস্তুৰেই উপাদান কাৰণ (material cause)। অর্থাৎ আমি দেখা চন্দ্র, সূর্য, গ্রহ-নক্ষত্র, গছ-গছনি, জীৱ-জন্তু, পশু-পক্ষী, পাহাৰ-পৰ্বত ইত্যাদি সমগ্র বিশ্বব্রহ্মাণ্ড পানীৰ পৰাই উৎপত্তি আৰু পানীতেই এইবোৰ বিলীন হৈ যায়। থেলিচৰ জগতৰ আদিমূল সত্তা পানীতত্ত্বৰ সন্দৰ্ভত স্বাভাৱিকতে আমাৰ মনত দুটা প্রশ্নৰ উদ্ভৱ হয়:

প্রথমতে, থেলিচে পানীক কিয় জগতৰ মূল সত্তা বুলি কৈছে?
দ্বিতীয়তে, কোন প্রক্রিয়া অনুসৰি পানী বিভিন্ন বস্তুত পৰিৱৰ্তিত হয়, অথবা পানীৰ পৰা এই বিশ্বজগতৰ উৎপত্তি কেনেদৰে ঘটিছে?
এই প্রশ্ন দুটাৰ সঠিক উত্তৰ আমাৰ হাতত নাই। কাৰণ থেলিচ নিজে তেওঁৰ পানীতত্ত্বৰ সপক্ষে কোনো যুক্তি প্ৰদৰ্শন কৰা নাই। অৱশ্যে এৰিষ্ট’টল আৰু বিভিন্ন ভাষ্যকাৰে ইয়াৰ এটা আনুমানিক ব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। সম্ভৱতঃ পানীৰ বৈচিত্র্যতাৰ বাবে থেলিচে পানীক জগতৰ মূল সত্তা বুলি ভাবিছিল। কাৰণ পানীৰ আছে সূক্ষ্মীকৰণ (rarefaction) আৰু ঘনীভৱনৰ (condensation) ক্ষমতা। পানী অতি সহজতে গোটা (solid), জুলীয় (liquid) আৰু বাষ্পিত (vaporous)- এই তিনিটা ৰূপ ধাৰণ কৰিব পাৰে আৰু জগতৰ সকলো বস্তু এই তিনিটা ৰূপৰে অভিব্যক্তি। যেতিয়া পানীক ঠাণ্ডা কৰা হয় তেতিয়া পানী গোটাৰ ৰূপ ধাৰণ কৰে; থেলিচৰ দৰ্শন
পানী উত্তাপিত হৈ বাষ্পৰ ৰূপ ধাৰণ কৰে আৰু যেতিয়া পানীক তাৰ নিজৰ স্বাভাৱিক অৱস্থাত এৰি দিয়া হয়, তেতিয়া পানী নিজ প্রতিভাত অবিৰামভাবে বৈ থাকে। পানীৰ এই ত্ৰিৰূপ আমাৰ অভিজ্ঞতাৰ জগততো বিদ্যমান। হয়তো এইবোৰ কাৰণত থেলিচে পানীক জগতৰ মূলতত্ত্ব বা আদি উপাদান বুলি গণ্য কৰিছে।
ৰূপান্তৰণ প্ৰকৃতি জগতৰ এক অনুপম বৈশিষ্ট্য। পানী সূৰ্যৰ তাপত বাষ্পিত হয় আৰু তৎক্ষণাৎ ই অগ্নিলৈ ৰূপান্তৰিত হয়। সেই বাষ্পিত পানী আকৌ বৰষুণৰ আকাৰত পৃথিৱীত পৰে আৰু পানী ৰূপান্তৰিত হৈ প্ৰথমতে বোকাত আৰু পিছত মাটিলৈ পৰিণত হয়। মাটিৰ পৰাই আকৌ বিভিন্ন বস্তুৰ উদ্ভৱ হয়। কেৱল সেয়ে নহয়, জীৱন ধাৰণৰ বাবে পানী অতিকৈ প্রয়োজন। উদ্ভিদ জগত আৰু জীৱ জগত উভয়ে সমানভাৱে পানীৰ ওপৰত নিৰ্ভৰশীল। গতিকে পানীয়েই জগতৰ মূলতত্ত্ব বা আদিমূল দ্রব্য; বিশ্বৰ যাৱতীয় দ্রব্য এই পানীৰে বিভিন্ন ৰূপ।


এৰিষ্ট’টলৰ মতে, থেলিচ “Probably derived his opinion from observing that the nutriment of all things is moist, and that even actual heat is generated therefrom, and that animal life is sustained by water, … and from the fact that the seeds of all things possess a moist nature, and that water is a first principle of all things that are humid” অর্থাৎ ‘থেলিচ সম্ভৱতঃ সকলো পুষ্টিকৰ বস্তুৰ মাজত আর্দ্রতা বা সেমেকা ভাব পর্যবেক্ষণ কৰি তেওঁৰ অভিমত আগবঢ়াইছে, আৰু আৰ্দ্ৰতাৰ পৰাই উত্তাপৰ উৎপত্তি, পানীৰ সহায়ত জীৱ প্ৰাণধাৰণ কৰে, … আৰু সকলো বস্তুৰে বীজৰ মাজত আর্দ্রতা বা সেমেকা ভাব আছে, আৰু পানীত সেমেকা বা আর্দ্রতা ভাব থকাৰ বাবে পানীয়ে জগতৰ আদিমূল সত্তা।’ অৱশ্যে থেলিচ সম্বন্ধে আগবঢ়োৱা এৰিষ্টটলৰ এই অভিমত অনুমানহে। এৰিষ্ট’টলৰ এই অনুমান সম্পর্কে বার্ণেটে মন্তব্য কৰিবলৈ গৈ কৈছে যে, থেলিচৰ পৰৱৰ্তী আন এজন আয়োনিক সম্প্রদায়ভুক্ত দার্শনিক এনাক্সিমিনিচ বায়ুকে (air) জগতৰ আদি কাৰণ বুলি পৰিগণিত কৰিছে। ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ এৰিষ্ট’টল থেলিচে পানীক জাগতিক বস্তুৰ আদি কাৰণৰূপে অনুমান কৰাৰ হেতুটো বিচাৰি পাইছে। তেওঁৰ মতে, বায়ু হ’ল পানীৰ বাষ্পিত ৰূপ; গতিকে পানীৰ দ্বাৰাই জীৱজগতৰ প্ৰাণধাৰণ সম্ভৱ হৈছে।


থেলিচৰ পানীতত্ত্বৰ আন এটা উল্লেখযোগ্য বক্তব্য হ’ল: পৃথিৱীখন পানীৰ ওপৰত ভাস্যমান এখন চেপেটা থাল (the earth is a flat disc floating on water)। থেলিচৰ এই বক্তব্যৰ সন্দৰ্ভত কোনো ব্যাখ্যা অৱশ্যে ভাষ্যকাৰসকলে আগবঢ়োৱা নাই। সম্ভৱতঃ থেলিচ পানীৰ দ্বাৰা ইমানভাৱে প্ৰভাৱিত হৈছিল যে তেওঁ কেৱল জগতখনক পানীৰ দ্বাৰা উৎপত্তি হৈছিল বুলি কৈ ক্ষান্ত থাকিব পৰা নাই।
তেওঁ সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ স্থিতিক লৈ মন্তব্য আগবঢ়াই পানীক জগতৰ স্থিতিৰ ধাৰক বুলি মন্তব্য কৰিছে। তদুপৰি, থেলিচৰ মতে, এই বিশ্বৰ সমগ্র বস্তুৱে দেৱত্বৰে পৰিপূৰ্ণ (all things are full of gods)। থেলিচৰ এই চিন্তাৰ মূলতে হৈছে এক গতিশীল, পৰিৱৰ্তনশীল, জীৱন্ত আৰু অনুভূতিসম্পন্ন অৱশ্যম্ভাৱী সত্তা। পৰৱৰ্তী কালত ইয়েই বিশ্বাত্মাৰ (world-soul) ধাৰণাত পৰিণত হৈছে।
থেলিচৰ দৰ্শনৰ গুৰুত্ব (Importance of the Philosophy of Thales)

‘পানীয়ে জগতৰ আদিমূল সত্তা বা উপাদান’- থেলিচৰ এই মতবাদ অতি সৰল, সহজবোধ্য আৰু তেনেই অপৰিণত। প্রশ্ন হ’ল: এনে এটা অপৰিপক্ক, অবান্তৰ আৰু অযুক্তিকৰ মতবাদৰ ভিত্তিত থেলিচক কেনেকৈ পাশ্চত্য দৰ্শনৰ জনক বুলি পৰিগণিত কৰা হ’ল? প্রশ্নটোক অলপ বঢ়াই এনেদৰে কৰিব পাৰিঃ থেলিচৰ মতবাদত এনে কি সুমহান তত্ত্ব নিহিত আছে যাৰ বাবে তেওঁক দৰ্শনৰ শ্ৰেষ্ঠ আসনখন দিয়া হ’ল? কাৰণ থেলিচ নিজে তেওঁৰ মতবাদৰ সমৰ্থনত কোনো ব্যাখ্যা আগবঢ়োৱা নাই, থেলিচৰ বিষয়ে আমি যিখিনি জানিব পাৰিছোঁ সেই সকলোখিনি এৰিষ্টটল আৰু তেওঁৰ পৰৱৰ্তী কালৰ ভাষ্যকাৰসকলৰ অনুমানহে। গতিকে প্রশ্ন হয়: এনে অনুমানৰ ভিত্তিত কেনেদৰে থেলিচক সৰ্বদৰ্শনৰ পিতৃ বুলি অভিহিত কৰা যায়? কাৰণ এৰিষ্ট’টল এজন মানুহ আৰু মানুহ মাত্রেই ভুল হয়। তদুপৰি, আমি জানোঁ যে অনুমান সকলো সময়তে আমাক শুদ্ধ জ্ঞান প্ৰদান নকৰে। গতিকে কেবলমাত্র অনুমানৰ ভিত্তিত থেলিচক সৰ্বদৰ্শনৰ পিতৃ বুলি গণ্য কৰাটো উচিত নে? এনে হাজাৰ প্ৰশ্ন দর্শনানুৰাগী সাধাৰণ পাঠক আৰু দৰ্শনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত স্বাভাৱিকতে উত্থাপিত হ’ব পাৰে।


ইয়াৰ উত্তৰত কোৱা যায় যে, থেলিচৰ দৰ্শন বৰ্তমান কালৰ দাৰ্শনিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে অতি নগণ্য বুলি বিবেচিত হ’ব পাৰে। কাৰণ আজি আমি যি যুগত বাস কৰোঁ সেই যুগ এটম-ইলেকট্রনৰ যুগ, নিউটনীয় দৃষ্টিকোণৰে জগত ব্যাখ্যা কৰাৰ যুগ। গতিকে আজিৰ এই বিশ্বায়নৰ যুগত থেলিচৰ দৰ্শনৰ মূল্য বিচাৰি পোৱাটো অসম্ভৱ। থেলিচৰ দৰ্শনক যদি নিৰপেক্ষভাৱে মূল্যাংকন কৰিব বিচৰা হয়, তেনেহ’লে আমি থেলিচৰ যুগলৈ উভতি চাব লাগিব। তেতিয়াহে আমি থেলিচৰ দৰ্শনৰ সঠিক মূল্যাংকন কৰিব পাৰিম অথবা থেলিচৰ দৰ্শনৰ গুৰুত্ব উপলব্ধি কৰিব পৰিম। থেলিচ যি সময়ত গ্রীচত বসবাস কৰিছিল সেই সময় আছিল পৌৰাণিক উপাখ্যানৰ সহায়ত জগত আৰু জীৱনক উপলব্ধি কৰাৰ সময়- যিকোনো বস্তু বা ঘটনাৰ দৈৱকাৰণ আৰোপ কৰাৰ সময়। এনেহেন অৱস্থাত ‘পানীয়ে জগতৰ মূল উপাদান’ থেলিচ এই বক্তব্য সঁচাকৈ ব্যতিক্রমী। অবাস্তৱ পৌৰাণিকতা আৰু দেৱ-দেৱীৰ সহায় অবিহনে, প্রাকৃতিক আৰু বৈজ্ঞানিক তত্ত্বৰ সহায়ত বিশ্বজগতক ব্যাখ্যা কৰাৰ চেষ্টা নিসন্দেহে প্রসংশনীয়। ওৱাই মাছিৰ (Y. Masih) মতে, “. (Thales) laid down the foundation of scientific worldview in the sense that his speculation was wholly naturalistic”

পানী জগতৰ মূল উপাদান’ থেলিচৰ এই বক্তব্যৰ মূল্য থাকক বা নাথকক, থেলিচ বিশ্বৰ আদি উপাদানৰ স্বৰূপ সম্পর্কে যি প্ৰশ্নৰ উত্থাপন কৰিছে তাৰ পৰাই আৰম্ভ হয় পাশ্চত্য দৰ্শনৰ স্বৰ্ণযুগ- অধিক স্পষ্টকৈ, তাৰ পৰাই আৰম্ভণি দৰ্শন আৰু বিজ্ঞানৰ জয়যাত্ৰা। পৰৱৰ্তীকালত থেলিচৰ এই চিন্তাধাৰাই বুটলি আনিছে দার্শনিকত্বৰ অন্তহীন প্ৰেৰণা। সেইবাবে দার্শনিক জেলাৰ (Zeller) মন্তব্য কৰি কৈছে, এটা প্রাকৃতিক মতবাদৰ প্ৰথম সূচনা যিমানেই দূর্বল নহওক কিয়, এইধৰণৰ মতবাদৰ দ্বাৰা অন্ততঃ সেইটোৰ (দৰ্শনৰ) সূত্রপাত যে হৈছে সেইটোৱে ডাঙৰ কথা। থেলিচৰ চিন্তাধাৰাৰ মূল কথাটো আছিল যে বিশ্বৰ অন্তৰালত আছে একক সত্তা আৰু পৰৱৰ্তীকালত ইয়েই গ্রীক দৰ্শনৰ দিশ নিৰ্দেশ কৰিছিল- নির্ধাৰণ কৰিছিল প্রাক-চক্ৰেটিছ দৰ্শনৰ আলোচনাৰ গতি আৰু প্ৰকৃতিৰ।


থেলিচৰ দৰ্শনৰ গুৰুত্বপূর্ণ দিশ হ’ল, তেওঁ এই অনন্ত বৈচিত্র্যপূর্ণ জগতৰ এটা ঐক্যৰ (unity of the world) সন্ধান দিব পাৰিছে। এটামাত্র উপাদানক সকলো জগতিক বস্তুৰ উৎসৰূপে চিহ্নিত কৰি থেলিচ সর্বপ্রথম জাগতিক বস্তুৰ ঐক্যৰ চিন্তাধাৰাৰ সূত্রপাত কৰে। বৈচিত্র্যময় জগতক এটামাত্র আদি উপাদানৰ সহায়ত ব্যাখ্যা কৰাৰ মাজত থেলিচৰ যথেষ্ট সাহসিকতাৰ পৰিচয় পোৱা যায়। ‘সকলো বস্তু পানীৰ পৰা উৎপত্তি হৈছে’- থেলিচৰ এই বক্তব্যৰ পৰা অসীম বৈচিত্র্যৰ মাজত সংহতি পৰিলক্ষিত হয় আৰু তাৰ পৰাই বিশ্বজগতৰ সংহতি বা ঐক্যৰ সুমহান চিন্তাধাৰাৰ উদ্ভৱ হৈছে। ক’পলেষ্টনৰ (Copleston) মতে, থেলিচক প্রথম গ্রীক দার্শনিক হোৱাৰ কৃতিত্ব দিয়া যায় এইবাবে যে তেওঁ সৰ্বপ্ৰথম বৈচিত্র্যৰ মাজত ঐক্যৰ (unity in the diversity) সন্ধান দিব পাৰিছে, আৰু ঐক্যৰ ধাৰণাৰ পৰাই তেওঁ এই বিচিত্র জগতৰ ব্যাখ্যা দিব পাৰিছে।


বহুক্ষেত্রত এনে হয় যে, এটা প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নগ’লেও কেৱলমত্ৰ প্রশ্নৰ উত্থাপন কৰি দাৰ্শনিকত্ব বা মহত্বৰ পৰিচয় পোৱা যায়। থেলিচৰ ক্ষেত্ৰতো সেই একেই কথা খাটে। সেইবাবে বাট্টাণ্ড ৰাছেলে মন্তব্য কৰিছে যে, থেলিচৰ বিজ্ঞান আৰু দর্শন আছিল অপৰিণত, কিন্তু সি আমাৰ চিন্তা আৰু পৰ্যবেক্ষণক উদ্দীপিত কৰিবলৈ সমৰ্থ আছিল। অর্থাৎ থেলিচৰ বিজ্ঞান আৰু দৰ্শন যিমানেই অপৰিণত বুলি বোধ নহওক কিয়, তাৰ মাজতেই নিহিত আছিল দার্শনিকত্বৰ বীজ। বাৰ্ণেটৰ মতেও, থেলিচ বিশেষ যি উত্তৰটো উপস্থাপন কৰিছিল (পানী জগতৰ মূল উপাদান) তাৰ মাজতেই নিহিত আছে থেলিচৰ মহত্ব। গতিকে থেলিচক গ্রীক তথা পাশ্চত্য দৰ্শনৰ জনক বুলি বিভূষিত কৰিলে কোনো দোষ নহয়। দৰাচলতে থেলিচেই সর্বদর্শন আৰু সৰ্ববিজ্ঞানৰ জনক (father of all philosophy and all sciences)।


Summary in Assamese (অসমীয়া ভাষাত)


থেলিচক গ্ৰীক তথা সমগ্ৰ পাশ্চাত্য দর্শনৰ জনক (Father of Western Philosophy) বুলি গণ্য কৰা হয়। তেওঁ একাধাৰে দাৰ্শনিক, গণিতজ্ঞ, বিজ্ঞানী, জ্যোতির্বিজ্ঞানী, ইঞ্জিনিয়াৰ, ৰাজনীতিবিদ আৰু নীতিপৰায়ণ ব্যক্তি আছিল। যদিও থেলিচে নিজৰ কোনো গ্রন্থ লিখা নাছিল, তৎসত্ত্বেও এৰিষ্ট’টল (Aristotle) আৰু অন্যান্য ভাষ্যকাৰে তেওঁৰ দৰ্শনৰ ওপৰত লিখা গ্রন্থৰ জৰিয়তে আমি তেওঁৰ চিন্তাধাৰা জানিবলৈ পাইছোঁ।
থেলিচৰ জীৱন আৰু সামাজিক পৰিৱেশ
থেলিচৰ জন্ম খ্ৰীষ্টপূৰ্ব ৬২৪ ত মিলেটাছ (Miletus) চহৰত হৈছিল, যিটো আইয়োনিয়া (Ionia) অঞ্চলৰ অন্যতম উন্নত বাণিজ্যিক চহৰ আছিল। তেওঁৰ পিতৃ আছিল Examyes আৰু মাতৃ আছিল Cleobulina। তেওঁ ফিনিছিয়া (Phoenician) বংশৰ আছিল বুলি ধৰা হয়। সেই সময়ত আইয়োনিয়া অঞ্চল ৰাজনৈতিক সংঘাতৰ মাজত আছিল, আৰু ধনী-দৰিদ্ৰ সমাজৰ মাজত গভীৰ বিভাজন আছিল।
থেলিচৰ দর্শন আৰু প্ৰধান চিন্তাধাৰা
থেলিচ পশ্চিমা দৰ্শনৰ ইতিহাসত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰে। তেওঁ গ্ৰীক দৰ্শনৰ সেই প্ৰাথমিক মৌলিক প্ৰশ্নটো উত্থাপন কৰিছিল, যিটো আছিল—
“এই জগতৰ আদিমূল উপাদান (Primary Substance) কি?”
থেলিচৰ মতে, “পানী (Water) জগতৰ মূল উপাদান”। তেওঁৰ বিশ্বাস আছিল যে জগতৰ সকলো বস্তু পানীৰ পৰা সৃষ্টি হৈছে আৰু পানীতেই বিলীন হয়। থেলিচৰ এই মতবাদ প্রকৃতিবাদী (Naturalistic) দৰ্শনশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা হৈছিল, যাৰ দ্বাৰা তেওঁ দৈৱ-দেৱতাৰ পূৰ্বৰ পৌৰাণিক বিশ্বাসসমূহক চেলাই দিয়ে। তেওঁ ক’লে—
“পৃথিৱীখন পানীৰ ওপৰত ভাসি থকা এখন চেপেটা থালৰ দৰে”
থেলিচৰ মতে জগতৰ সংহতি (Unity of the Universe) বিদ্যমান, যি আজিৰ বৈজ্ঞানিক চিন্তাধাৰাৰ লগত কিছুমান মিল ৰখে। যদিও তেওঁ পানীৰ পৰা সকলো বস্তু কেনেকৈ সৃষ্টি হয়, তাৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াব নোৱাৰিলে, তথাপি তেওঁৰ মতবাদ গ্ৰীক দৰ্শনৰ ভিত্তি স্থাপন কৰিছিল।
বিজ্ঞান আৰু গণিতত থেলিচৰ অৱদান
থেলিচ এজন বিজ্ঞানী আছিল নে নহয়, সেই বিষয়ে বিতর্ক থাকিলেও, তেওঁ বহু বৈজ্ঞানিক আৰু গণিতীয় চিন্তাধাৰাৰ ভিত্তি স্থাপন কৰিছিল।

  1. সূৰ্য গ্ৰহণৰ পূৰ্বাভাস (Solar Eclipse Prediction)
    o খ্ৰীষ্টপূৰ্ব ৫৮৫ ত সংঘটিত সূৰ্য গ্ৰহণ থেলিচে আগতেই পূৰ্বাভাস দিয়ে, যিটো বৈজ্ঞানিক জ্ঞানৰ এটা অন্যতম বৃহৎ সাফল্য হিচাপে গণ্য কৰা হয়।
    o এই ঘটনাই তেওঁৰ জ্যোতির্বিজ্ঞানৰ জ্ঞানৰ প্ৰমাণ দিয়ে।
  2. ইঞ্জিনিয়াৰিং জ্ঞান আৰু নদীৰ গতিপথ সলনি
    o থেলিচ Halys নদীৰ গতিপথ সলনি কৰি সৈন্যসকলক পাৰ হ’বলৈ সহায় কৰিছিল, যি ইঞ্জিনিয়াৰিং আৰু বিজ্ঞানৰ অন্যতম নিদৰ্শন।
  3. পিৰামিডৰ উচ্চতা গণনা (Pyramid Height Calculation)
    o তেওঁ ইজিপ্ত ভ্ৰমণ কৰি জ্যামিতিৰ জ্ঞান লাভ কৰিছিল।
    o তেওঁ পিৰামিডৰ ছায়াৰ সহায়ত ইয়াৰ উচ্চতা গণনা কৰাৰ উপায় উদ্ভাৱন কৰিছিল।
    o এই প্ৰক্ৰিয়াই ব্যৱহাৰিক জ্যামিতিৰ সূচনা কৰিছিল।
  4. সাগৰত জাহাজৰ দূৰত্ব গণনা
    o থেলিচে সাগৰৰ পাৰৰ পৰা ভাসমান জাহাজৰ দূৰত্ব গণনা কৰিবলৈ সক্ষম হৈছিল।
    o ই প্ৰথমগৰাকী বিজ্ঞানী হিচাপে তেওঁৰ স্বীকৃতি বৃদ্ধি কৰে।
    থেলিচৰ ৰাজনৈতিক আৰু বাণিজ্যিক দক্ষতা
    থেলিচ এজন সফল ৰাজনীতিবিদ আৰু সুদক্ষ ব্যৱসায়ী আছিল।
  5. আইয়োনিয়া যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ (Ionia Federation Proposal)
    o পাৰ্সিয়ানসকলৰ আগ্ৰাসন বুজি, আইয়োনিয়ান নগৰ-ৰাজ্যসমূহক একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছিল।
    o কিন্তু তৎকালীন ৰাজনৈতিক নেতাসকলে এই গভীৰ দৃষ্টিভংগী উপলব্ধি কৰিব পৰা নাছিল।
  6. বাণিজ্যিক কৌশল আৰু ধনী হোৱাৰ নিদৰ্শন
    o এৰিষ্ট’টলৰ Politics গ্রন্থত থেলিচৰ অর্থনৈতিক বিচক্ষণতাৰ কাহিনী উল্লেখ আছে।
    o শীতকালত জলফাই বাগিচাৰ উত্পাদনৰ পূৰ্বাভাস দিয়ে আৰু সকলো তেলকল কম মূল্যত ভাড়া লৈ পিছত উচ্চ মূল্যত ভাড়া দিয়ে।
    o ই প্ৰমাণ কৰে যে দাৰ্শনিকসকলে ধনী হ’ব পাৰে, কিন্তু সিহঁতৰ প্ৰধান লক্ষ্য ধনৰোপাৰ্জন নহয়।
    থেলিচৰ দৰ্শনৰ গুৰুত্ব
    থেলিচৰ দৰ্শন আজিৰ বিজ্ঞান আৰু দৰ্শনৰ ভিত্তি স্থাপন কৰা বুলি বিবেচিত হয়।
  7. দৰ্শনৰ বিকাশৰ বাবে গুৰুত্ব
    o তেওঁ পৌৰাণিক বিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক ভিত্তিত দৰ্শন প্ৰতিষ্ঠা কৰে।
    o দেৱ-দেৱতাৰ স্থানত প্ৰাকৃতিক কাৰণ দিয়ে।
    o “পানীয়ে সকলো বস্তুৰ মূল উপাদান” বুলি কোৱা প্ৰথম চিন্তাবিদ।
  8. বৈজ্ঞানিক দৃষ্টিভংগী স্থাপন
    o তেওঁৰ চিন্তাধাৰাই বিজ্ঞানৰ বিকাশৰ বাবে মজবুত ভিত্তি তৈয়াৰ কৰে।
    o পৰৱৰ্তী দাৰ্শনিক আৰু বিজ্ঞানী যেনে Anaximander, Anaximenes, Pythagoras, Plato আৰু Aristotle প্রভৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই।
    উপসংহাৰ
    থেলিচ প্ৰথমগৰাকী পাশ্চাত্য দাৰ্শনিক যিয়ে যুক্তিবাদী দৃষ্টিভংগীৰ সহায়ত জগতক ব্যাখ্যা কৰাৰ চেষ্টা কৰিছিল। যদিও তেওঁৰ “পানী আদিমূল উপাদান” মতবাদ সম্পূৰ্ণকৈ বিজ্ঞানসম্মত নহয়, তথাপি এই তত্ত্বই গ্ৰীক দৰ্শনৰ বিকাশৰ বাবে দিশ নিৰ্দেশ কৰে। তেওঁ বৈজ্ঞানিক আৰু গণিতীয় জ্ঞানৰ বিকাশ সাধন কৰে আৰু পৌৰাণিক বিশ্বাসৰ বিপৰীতে যুক্তিনিষ্ঠ চিন্তাৰ সূচনা কৰে। সেইবাবে থেলিচক “সমস্ত দৰ্শনৰ আৰু সমস্ত বিজ্ঞানৰ পিতৃ” (Father of All Philosophy and Sciences) বোলা হয়।

Summary in English (Simple Indian English)


Introduction
Thales is known as the Father of Greek and Western Philosophy. He was a philosopher, mathematician, scientist, engineer, and politician. Although Thales did not write any books, his ideas were preserved through Aristotle and other philosophers.
Main Philosophical Idea
• Thales asked an important question: “What is the fundamental substance of the universe?”
• His answer was “Water is the primary substance.”
• He believed that everything comes from water and dissolves back into it.
• He also proposed that the Earth floats on water like a flat disc.
Contributions to Science and Mathematics

  1. Predicted a solar eclipse in 585 BCE.
  2. Changed the course of the Halys River for military purposes.
  3. Measured the height of pyramids using shadows.
  4. Calculated the distance of ships in the sea from the shore.
    Political and Business Skills
    • Suggested the formation of the Ionian Federation.
    • Used astronomical observations to predict a good olive harvest, rented all oil mills, and made a huge profit.
    Conclusion
    Thales’ ideas laid the foundation for science and philosophy. His rational approach replaced mythology and influenced great philosophers like Plato, Aristotle, and Pythagoras. He is rightly called the Father of All Philosophy and Sciences.

প্রশ্নাবলী

  1. Who was Thales? Explain his philosophy.
    থেলিচ কোন? তেওঁৰ দর্শন ব্যাখ্যা কৰা।
    Answer (উত্তৰ):
    Assamese:
    থেলিচ আছিল গ্ৰীক তথা পাশ্চাত্য দৰ্শনৰ জনক। তেওঁ দাৰ্শনিক, গণিতজ্ঞ, বিজ্ঞানী, জ্যোতির্বিজ্ঞানী, ইঞ্জিনিয়াৰ, আৰু ৰাজনীতিবিদ আছিল। যদিও তেওঁ কোনো গ্ৰন্থ লিখা নাছিল, তথাপি এৰিষ্ট’টল আৰু অন্যান্য ভাষ্যকাৰে তেওঁৰ চিন্তাধাৰা সংৰক্ষণ কৰিছিল।
    থেলিচৰ মতে, “পানী জগতৰ আদিমূল উপাদান”। তেওঁ বিশ্বাস কৰিছিল যে সকলো বস্তু পানীৰ পৰা সৃষ্টি হয় আৰু পানীতেই শেষ হয়। তেওঁ যুক্তিবাদী দৃষ্টিভংগীৰ সহায়ত জগতৰ ব্যাখ্যা কৰা প্ৰথম দাৰ্শনিক আছিল।
    English:
    Thales was the Father of Greek and Western Philosophy. He was a philosopher, mathematician, scientist, astronomer, engineer, and politician. Although he did not write any books, his ideas were preserved by Aristotle and other philosophers.
    Thales’ philosophy was based on the idea that “Water is the primary substance of the universe.” He believed that everything originates from water and dissolves back into it. He was the first philosopher to explain the world logically instead of using mythology.

  1. What is the primary stuff according to Thales? Discuss Thales’ theory of primary stuff.
    থেলিচৰ মতে জগতৰ আদিমূল সত্তাটো কি? থেলিচৰ আদিমূল তত্ত্বটো আলোচনা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, “পানী (Water) হৈছে জগতৰ মূল উপাদান”। তেওঁৰ বিশ্বাস আছিল যে সকলো বস্তু পানীৰ পৰা সৃষ্টি হয় আৰু পানীতেই শেষ হয়।
    English:
    According to Thales, “Water is the primary substance of the universe.” He believed that everything in the world comes from water and dissolves into it.

  1. Was Thales a scientist? Give reasons in support of your view.
    থেলিচ এজন বিজ্ঞানী নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

    Answer (উত্তৰ):
    Assamese:
    হয়, থেলিচ এজন বিজ্ঞানী আছিল, কাৰণ–
  2. ৫৮৫ খ্ৰীষ্টপূৰ্বত সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দিয়ে।
  3. নদীৰ গতিপথ সলনি কৰি সৈন্যসকলক সহায় কৰে।
  4. পিৰামিডৰ উচ্চতা গণনা কৰাৰ পদ্ধতি উদ্ভাৱন কৰে।
  5. জাহাজৰ দূৰত্ব গণনা কৰে।
    English:
    Yes, Thales was a scientist because–
  6. He predicted a solar eclipse in 585 BCE.
  7. He changed the course of a river to help an army cross.
  8. He calculated the height of pyramids using shadows.
  9. He measured the distance of ships from the shore.

  1. Explain and examine Thales’ theory of substance.
    থেলিচৰ দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, জগতৰ মূল উপাদান পানী। তেওঁৰ বিশ্বাস আছিল যে পানীয়ে বিভিন্ন ৰূপ লব পাৰে—
    • ঠাণ্ডা হলে গোটাৰ (Solid) হয়,
    • গৰম হলে বাষ্প (Vapor) হয়,
    • স্বাভাৱিক অৱস্থাত তরল (Liquid) থাকে।
    English:
    Thales believed that water is the basic substance of the universe. He thought that water can take different forms–
    • Solid (Ice) when cold
    • Vapor (Steam) when heated
    • Liquid (Water) in normal state

  1. Who is the father of Greek philosophy? Is it appropriate to consider him as the father of Western philosophy?
    গ্ৰীক দর্শনৰ জনক কোন? তেওঁক পাশ্চাত্য দর্শনৰ জনক হিচাপে গণ্য কৰাটো যুক্তিযুক্ত নে?

    Answer (উত্তৰ):
    Assamese:
    থেলিচ গ্ৰীক তথা পাশ্চাত্য দৰ্শনৰ জনক। তেওঁ যুক্তিবাদী চিন্তাধাৰাৰ সূচনা কৰিছিল।
    English:
    Thales is called the Father of Greek and Western Philosophy because he introduced logical thinking into philosophy.

  1. Who was Thales? Explain the importance of Thales’ philosophy.
    থেলিচ কোন? তেওঁৰ দৰ্শনৰ গুৰুত্ব ব্যাখ্যা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচ প্রথমগৰাকী দাৰ্শনিক, যিয়ে যুক্তিবাদী দৃষ্টিভংগীৰ সহায়ত জগতৰ ব্যাখ্যা কৰিছিল। তেওঁৰ চিন্তাধাৰাই পাশ্চাত্য দৰ্শনৰ ভিত্তি স্থাপন কৰে।
    English:
    Thales was the first philosopher to explain the world logically. His ideas laid the foundation of Western philosophy.

  1. Discuss the concept of primary stuff or substance in early Greek philosophy.
    থেলিচৰ প্ৰসংগ সহকাৰে প্ৰাৰম্ভিক গ্ৰীক দৰ্শনৰ জগতৰ আদমূল সত্তা বা দ্ৰব্যৰ ধাৰণাটো আলোচনা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, পানী হৈছে সকলো বস্তুৰ মূল উপাদান। এই ধারণাই গ্ৰীক দৰ্শনৰ ভিত্তি স্থাপন কৰে।
    English:
    According to Thales, water is the primary substance of the universe. This idea laid the foundation for Greek philosophy.

  1. Who is said to be the first Greek Philosopher? Discuss his philosophy.
    কাক প্রথম গৰাকী গ্ৰীক দার্শনিক বুলি কোৱা হয়? তেওঁৰ দৰ্শন ব্যাখ্যা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচক প্ৰথম গ্ৰীক দাৰ্শনিক বুলি গণ্য কৰা হয়। তেওঁ জগতৰ মূল উপাদান হিচাপে পানীক চিনাক্ত কৰিছিল।
    English:
    Thales is considered the first Greek philosopher. He identified water as the primary substance of the universe.

  1. Describe the substance of Thales.
    থেলিচৰ দ্রব্য তত্ত্বৰ বৰ্ণনা দিয়া।

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, পানী জগতৰ আদিমূল উপাদান।
    English:
    According to Thales, water is the primary substance of the universe.

  1. Explain the philosophical contribution of Thales as the father of Philosophy.
    দৰ্শনৰ পিতৃ হিচাপে থেলিচৰ দার্শনিক অৱদান বর্ণনা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচক দৰ্শনৰ পিতৃ বুলি গণ্য কৰা হয়, কাৰণ–
  2. যুক্তিবাদী দৰ্শনৰ সূচনা: তেওঁ জগতৰ ব্যাখ্যাত পৌৰাণিক কাহিনী আৰু দেৱ-দেৱতাৰ স্থানত যুক্তি আৰু প্ৰাকৃতিক ব্যাখ্যা আগবঢ়াইছিল।
  3. প্ৰশ্নৰ নতুন ধাৰা: তেওঁ “জগতৰ মূল উপাদান কি?” এই মৌলিক প্ৰশ্নটো উত্থাপন কৰিছিল, যিয়ে পৰৱৰ্তী দাৰ্শনিকসকলক প্ৰভাৱিত কৰিছিল।
  4. নতুন চিন্তাধাৰাৰ বিকাশ: তেওঁৰ চিন্তাই এনাক্সিমেণ্ডাৰ, এৰিষ্ট’টল, প্লেটো, আৰু পিথাগোৰাছৰ দৰে মহান দাৰ্শনিকসকলক প্ৰভাৱিত কৰিছিল।
    English:
    Thales is considered the Father of Philosophy because–
  5. Beginning of logical philosophy: He replaced myths and gods with reason and natural explanations.
  6. New philosophical questions: He asked, “What is the primary substance of the universe?”, which influenced future thinkers.
  7. Development of new ideas: His ideas inspired Anaximander, Aristotle, Plato, and Pythagoras.

  1. Why is Thales considered more as a philosopher than a scientist? Discuss.
    থেলিচক কিয় বৈজ্ঞানিকতকৈ দার্শনিক হিচাপে গণ্য কৰা হয়? আলোচনা কৰা।

    Answer (উত্তৰ):
    Assamese:
    যদিও থেলিচ বিজ্ঞানৰ ক্ষেত্ৰতও অৱদান আগবঢ়াইছিল, তথাপিও তেওঁ দাৰ্শনিক হিচাপে অধিক বিখ্যাত।
  2. সৃষ্টিতত্ত্ব: তেওঁ জগতৰ মূল উপাদান সম্পৰ্কে আলোচনা কৰিছিল, যি দৰ্শনৰ মৌলিক প্ৰশ্ন।
  3. যুক্তিবাদী দৃষ্টিভংগী: তেওঁ বৈজ্ঞানিক পদ্ধতিৰ বিকাশ কৰাৰ আগতে যুক্তিবাদী দৰ্শন আগবঢ়াইছিল।
  4. সিদ্ধান্তৰ অভাৱ: বিজ্ঞানত প্ৰমাণ আৰু পৰীক্ষাৰ প্ৰয়োজন হয়, কিন্তু থেলিচৰ তত্ত্ব বুজাবলৈ কেৱল অনুমান ব্যৱহাৰ হৈছিল।
    English:
    Although Thales contributed to science, he is considered more of a philosopher because–
  5. Focus on metaphysics: He focused on the fundamental nature of existence, which is philosophy.
  6. Logical reasoning: He introduced rational thinking before the scientific method was developed.
  7. Lack of experiments: Science requires proof and testing, but Thales’ ideas were mostly assumptions.

  1. Explain the concept of primary stuff as advocated by Thales.
    থেলিচৰ মূল দ্রব্য বা উপাদানৰ ধাৰণাটো ব্যাখ্যা কৰা।

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, “পানী (Water) হৈছে জগতৰ মূল উপাদান”।
    • সকলো বস্তু পানীৰ পৰা সৃষ্টি হয় আৰু পানীতেই শেষ হয়।
    • পানীৰ ৰূপান্তৰণ ক্ষমতা: ঠাণ্ডা হলে গোটাৰ (Solid), গৰম হলে বাষ্প (Vapor), স্বাভাৱিক অৱস্থাত তরল (Liquid)।
    • জীৱন আৰু পানী: সকলো জীৱই জীৱিত থাকিবলৈ পানীৰ ওপৰত নিৰ্ভৰশীল।
    English:
    Thales believed that “Water is the primary substance of the universe.”
    • Everything comes from water and returns to water.
    • Transformation of water: It can become solid (ice), vapor (steam), or remain liquid.
    • Life and water: All living beings depend on water for survival.

  1. Thales is a man of science than a man of philosophy.” Explain this.
    “থেলিচ দার্শনিকতকৈ এজন বৈজ্ঞানিকহে।” এই উক্তিটো ব্যাখ্যা কৰা।

    Answer (উত্তৰ):
    Assamese:
    যদিও থেলিচ পাশ্চাত্য দৰ্শনৰ জনক, তেওঁ বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশতো বিশেষ অৱদান আগবঢ়াইছিল।
    • বৈজ্ঞানিক পূৰ্বাভাস: তেওঁ ৫৮৫ খ্ৰীষ্টপূৰ্বত সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দিয়ে, যি বৈজ্ঞানিক দৃষ্টিকোণৰ প্ৰথম প্ৰমাণ।
    • ইঞ্জিনিয়াৰিং দক্ষতা: তেওঁ নদীৰ গতিপথ সলনি কৰি সেনাসকলক সহায় কৰিছিল।
    • গণিতত অৱদান: তেওঁ জ্যামিতি আৰু গণনা পদ্ধতি উন্নয়ন কৰিছিল।
    তেওঁ দাৰ্শনিক হলেও, তেওঁৰ বৈজ্ঞানিক কৃতিত্বৰ বাবে তেওঁক বিজ্ঞানীৰূপে গণ্য কৰাটো যুক্তিযুক্ত।
    English:
    Although Thales is the Father of Western Philosophy, he also contributed significantly to scientific thinking.
    • Scientific predictions: He predicted the solar eclipse of 585 BCE, which was one of the earliest scientific predictions.
    • Engineering skills: He diverted the course of a river to help an army cross.
    • Mathematical contributions: He developed geometry and measurement techniques.
    Even though he was a philosopher, his scientific achievements justify considering him more of a scientist.

Short Questions (চমু প্রশ্ন):

  1. Who is the founder of Ionic School?
    আয়োনিক সম্প্ৰদায়ৰ প্ৰৱৰ্তক কোন?

    Answer (উত্তৰ):
    Assamese:
    থেলিচক আইয়োনিক সম্প্ৰদায়ৰ প্ৰৱৰ্তক বুলি গণ্য কৰা হয়।
    English:
    Thales is considered the founder of the Ionic School.

  1. Who are the supporters of the Ionic School?
    আয়োনিক সম্প্ৰদায়ৰ সদস্যসকল কোন কোন?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ পাছত, এনাক্সিমেণ্ডাৰ (Anaximander) আৰু এনাক্সিমিনিচ (Anaximenes) আছিল আইয়োনিক সম্প্ৰদায়ৰ অন্যতম প্রধান দাৰ্শনিক।
    English:
    After Thales, Anaximander and Anaximenes were the main philosophers of the Ionic School.

  1. What is the fundamental question of the Ionic School?
    আয়োনিক সম্প্ৰদায়ৰ মৌলিক প্রশ্নটো কি আছিল?

    Answer (উত্তৰ):
    Assamese:
    আইয়োনিক সম্প্ৰদায়ৰ মূল প্ৰশ্ন আছিল: “জগতৰ আদিমূল উপাদান কি?” (What is the fundamental substance of the universe?)
    English:
    The main question of the Ionic School was: “What is the fundamental substance of the universe?”

  1. Who are the supporters of the Milesian School?
    মিলেছিয়ান সম্প্ৰদায়ৰ সদস্যসকল কোন কোন?

    Answer (উত্তৰ):
    Assamese:
    থেলিচ, এনাক্সিমেণ্ডাৰ, আৰু এনাক্সিমিনিচ মিলেছিয়ান সম্প্ৰদায়ৰ অন্যতম সদস্য।
    English:
    Thales, Anaximander, and Anaximenes were the key members of the Milesian School.

  1. Was Thales a scientist?
    থেলিচ এজন বিজ্ঞানী নে?

    Answer (উত্তৰ):
    Assamese:
    হয়, থেলিচ এজন বিজ্ঞানী আছিল, কাৰণ–
  2. ৫৮৫ খ্ৰীষ্টপূৰ্বত সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দিয়ে।
  3. নদীৰ গতিপথ সলনি কৰি সেনাসকলক সহায় কৰে।
  4. পিৰামিডৰ উচ্চতা গণনা কৰাৰ পদ্ধতি উদ্ভাৱন কৰে।
    English:
    Yes, Thales was a scientist because–
  5. He predicted a solar eclipse in 585 BCE.
  6. He changed the course of a river to help an army cross.
  7. He calculated the height of pyramids.

  1. Was Thales a mathematician?
    থেলিচ এজন গণিতজ্ঞ নে?

    Answer (উত্তৰ):
    Assamese:
    হয়, থেলিচ এজন গণিতজ্ঞ আছিল। তেওঁ জ্যামিতি আৰু গণনা পদ্ধতি উন্নয়ন কৰিছিল।
    English:
    Yes, Thales was a mathematician. He contributed to geometry and measurement techniques.

  1. What is the primary stuff or substance, according to Thales?
    থেলিচৰ মতে, জগতৰ আদিমূল সত্তা বা দ্রব্যটো কি?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, “পানী (Water) জগতৰ মূল উপাদান”।
    English:
    According to Thales, “Water is the primary substance of the universe.”

  1. By what process does water transform into different things?
    কোন প্রক্রিয়াত পানীয়ে বিভিন্ন বস্তুত ৰূপান্তৰ হয়?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, পানী বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰে:
    • ঠাণ্ডা হলে গোটাৰ (Solid) হয়।
    • গৰম হলে বাষ্প (Vapor) হয়।
    • স্বাভাৱিক অৱস্থাত তরল (Liquid) ৰূপত থাকে।
    English:
    According to Thales, water can transform into different forms:
    • It becomes solid (Ice) when cold.
    • It becomes vapor (Steam) when heated.
    • It remains liquid (Water) in normal state.

  1. The water can assume three forms. What are these three forms?
    পানীয়ে তিনিটা ৰূপ ধাৰণ কৰিব পাৰে। এই তিনিটা ৰূপ কি কি?

    Answer (উত্তৰ):
    Assamese:
    পানীয়ে তিনিটা ৰূপ ধাৰণ কৰিব পাৰে–
  2. গোটাৰ (Solid) – বৰফ (Ice)
  3. তরল (Liquid) – পানী (Water)
  4. বাষ্প (Vapor) – বৰষুণৰ আগতে থকা জলীয় বাষ্প (Steam)
    English:
    Water can exist in three forms–
  5. Solid – Ice
  6. Liquid – Water
  7. Vapor – Steam

  1. What are the three main philosophical statements of Thales?
    থেলিচ তিনিটা দাৰ্শনিক উক্তি কি কি?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ তিনিটা মুখ্য দাৰ্শনিক উক্তি এইবোৰ –
  2. “পানীয়ে জগতৰ আদিমূল উপাদান” (Water is the primary substance of the universe).
  3. “পৃথিৱীখন পানীৰ ওপৰত ভাসি আছে” (The Earth floats on water).
  4. “সকলো বস্তুৰ ভিতৰত দেৱত্ব আছে” (All things are full of gods).
    English:
    Thales’ three main philosophical statements are –
  5. “Water is the primary substance of the universe.”
  6. “The Earth floats on water.”
  7. “All things are full of gods.”

  1. Was Thales a hylicist?
    থেলিচ এজন সজীৱ জড়বাদী নে?

    Answer (উত্তৰ):
    Assamese:
    হয়, থেলিচ এজন Hylicist (সজীৱ জড়বাদী) আছিল। তেওঁ পানীক জগতৰ মূল উপাদান বুলি ক’লে, যাৰ পৰা সকলো বস্তুৰ সৃষ্টি হয়। তেওঁ বিশ্বাস কৰিছিল যে প্ৰকৃতিৰ সকলো বস্তুৰ ভিতৰত জীৱন আৰু শক্তি আছে।
    English:
    Yes, Thales was a hylicist (materialist). He believed that water is the fundamental substance of everything and that all natural things have life and energy.

  1. What is the meaning of the Greek term ‘Shule’?
    গ্ৰীক শব্দ ‘Shule’ৰ অৰ্থ কি?

    Answer (উত্তৰ):
    Assamese:
    গ্ৰীক শব্দ ‘Shule’ ৰ অৰ্থ “পদাৰ্থ” বা “Matter”।
    English:
    The Greek word ‘Shule’ means “Matter” or “Substance.”

  1. Was Thales an astrologer?
    থেলিচ এজন জ্যোতির্বিজ্ঞানী নে?

    Answer (উত্তৰ):
    Assamese:
    হয়, থেলিচ এজন জ্যোতির্বিজ্ঞানী আছিল। তেওঁ ৫৮৫ খ্ৰীষ্টপূৰ্বৰ সূৰ্য গ্ৰহণ আগতিয়াকৈ পূৰ্বাভাস দিছিল, যি প্ৰাচীন জ্যোতির্বিজ্ঞানৰ অন্যতম সফলতা।
    English:
    Yes, Thales was an astronomer. He predicted a solar eclipse in 585 BCE, which was a major achievement in ancient astronomy.

  1. “All things are full of gods.” Who said this?
    “সকলো বস্তু দেৱত্বৰে পূৰ্ণ” – এই উক্তিটো কোনে কৈছিল?

    Answer (উত্তৰ):
    Assamese:
    এই উক্তিটো থেলিচে (Thales) কৈছিল। তেওঁ বিশ্বাস কৰিছিল যে সকলো বস্তুৰ ভিতৰত দেৱত্ব আৰু শক্তি আছে।
    English:
    This statement was made by Thales. He believed that everything in nature has divine power and energy.

  1. “The earth is a flat disc floating on water.” Who made this statement?
    “পৃথিৱীখন পানীৰ ওপৰত ভাসি থকা এখন চেপেটা থাল”। এই উক্তিটো কাৰ?

    Answer (উত্তৰ):
    Assamese:
    এই উক্তিটো থেলিচে (Thales) কৈছিল। তেওঁ বিশ্বাস কৰিছিল যে পৃথিৱীখন এখন চেপ্টা থালৰ দৰে আৰু ই পানীৰ ওপৰত ভাসি থাকে।
    English:
    This statement was made by Thales. He believed that the Earth is a flat disc floating on water.
    Additional

  1. What is Thales’ contribution to geometry?
    থেলিচৰ জ্যামিতিত আগবঢ়োৱা অৱদান কি?

    Answer (উত্তৰ):
    Assamese:
    থেলিচ জ্যামিতি উন্নয়ন কৰা প্ৰথম গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ কিছুমান বিশেষ অৱদান এইবোৰ –
  2. পিৰামিডৰ উচ্চতা গণনা – তেওঁ ছায়াৰ সহায়ত পিৰামিডৰ উচ্চতা গণনা কৰিবলৈ সক্ষম হৈছিল।
  3. জলযান দূৰত্ব গণনা – তেওঁ উপকূলৰ পৰা সাগৰত থকা জাহাজৰ দূৰত্ব গণনা কৰিছিল।
  4. থেলিচৰ উপপাদ্য (Thales’ Theorem) – তেওঁ বৃত্তৰ ব্যাসৰ ওপৰত থকা যিকোনো বিন্দুৰ পৰা অংকিত কোণ ৯০° হব বুলি প্ৰতিপন্ন কৰে।
    English:
    Thales was the first Greek philosopher to contribute to geometry. His major contributions include –
  5. Calculating the height of pyramids using shadow measurement.
  6. Measuring the distance of ships in the sea from the shore.
  7. Thales’ Theorem – He proved that a triangle inscribed in a semicircle always has a right angle (90°).

  1. How did Thales predict a solar eclipse?
    থেলিচে কেনেকৈ সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দিছিল?

    Answer (উত্তৰ):
    Assamese:
    থেলিচে ৫৮৫ খ্ৰীষ্টপূৰ্বত সূৰ্য গ্ৰহণৰ পূৰ্বাভাস দিছিল।
    • তেওঁ বেবিলোনিয়ান জ্যোতির্বিজ্ঞান অধ্যয়ন কৰিছিল, যিয়ে ১৮-১৯ বছৰৰ মুৰত গ্রহণ পুনৰাবৃত্তি হয় বুলি কোৱা হৈছিল।
    • তেওঁ সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীৰ গতি অধ্যয়ন কৰি এই পূৰ্বাভাস দিয়ে।
    • এই ঘটনাই তেওঁক প্ৰাচীন জ্যোতির্বিজ্ঞানৰ অন্যতম পথপ্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়ে।
    English:
    Thales predicted a solar eclipse in 585 BCE.
    • He studied Babylonian astronomy, which suggested that eclipses occur in cycles of 18-19 years.
    • He analyzed the movements of the Sun, Moon, and Earth to make his prediction.
    • This achievement made him one of the pioneers of ancient astronomy.

  1. What was Thales’ view on the nature of the soul?
    থেলিচৰ মতে আত্মাৰ প্ৰকৃতি কেনেকুৱা?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, আত্মা এক গতিশীল শক্তি, যিয়ে সকলো বস্তুৰে ভিতৰত থাকে।
    • তেওঁ ক’লে, “সকলো বস্তু দেৱত্বৰে পূৰ্ণ” (All things are full of gods)।
    • তেওঁ বিশ্বাস কৰিছিল যে প্ৰকৃতিৰ সকলো বস্তু জীৱিত আৰু সচেতন।
    • তেওঁ চুম্বকৰ শক্তি (Magnetism) আৰু পানীৰ চলাচল লক্ষ্য কৰি এই মতবাদ দিছিল।
    English:
    According to Thales, the soul is a dynamic force present in all things.
    • He stated, “All things are full of gods.”
    • He believed that everything in nature is alive and has consciousness.
    • He formed this idea after observing the movement of water and the magnetic properties of lodestones (magnets).

  1. How did Thales influence later philosophers?
    থেলিচে পৰৱৰ্তী দাৰ্শনিকসকলক কেনেকৈ প্ৰভাৱিত কৰিছিল?

    Answer (উত্তৰ):
    Assamese:
    থেলিচ প্ৰথমগৰাকী দাৰ্শনিক আছিল, যিয়ে যুক্তিবাদী দৃষ্টিভংগীৰ সহায়ত জগতৰ ব্যাখ্যা আগবঢ়াইছিল।
    • এনাক্সিমেণ্ডাৰ (Anaximander) – তেওঁ পানীৰ ঠাইত “Apeiron” বা সীমাহীন পদাৰ্থক মূল উপাদান বুলি ঘোষণা কৰে।
    • এনাক্সিমিনিচ (Anaximenes) – তেওঁ বায়ুক মূল উপাদান হিচাপে গণ্য কৰিছিল।
    • পিথাগোৰাছ (Pythagoras) – তেওঁ সংখ্যাৰ জগতৰ মূল উপাদান বুলি গণ্য কৰা মতবাদৰ বিকাশ সাধন কৰে।
    • এৰিষ্ট’টল (Aristotle) – তেওঁ থেলিচক পাশ্চাত্য দৰ্শনৰ প্রথমগৰাকী চিন্তাবিদ বুলি স্বীকৃতি দিয়ে।
    English:
    Thales was the first philosopher to explain the world using reason instead of mythology.
    • Anaximander – Rejected water and proposed “Apeiron” (infinite substance) as the primary element.
    • Anaximenes – Suggested that air is the fundamental substance.
    • Pythagoras – Developed the idea that numbers are the fundamental reality.
    • Aristotle – Recognized Thales as the first thinker in Western philosophy.

  1. What was Thales’ view on Earth’s position in the universe?
    থেলিচৰ মতে পৃথিৱী জগতত কিদৰে অৱস্থান কৰিছে?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ মতে, পৃথিৱীখন পানীৰ ওপৰত ভাসি থকা এখন চেপেটা থালৰ দৰে।
    • তেওঁ বিশ্বাস কৰিছিল যে পানীয়ে পৃথিৱীক ধৰি ৰাখিছে।
    • এই মতবাদ প্ৰাচীন দৰ্শনৰ অন্যতম ভ্ৰমাত্মক বিশ্বাস আছিল।
    English:
    Thales believed that the Earth is a flat disc floating on water.
    • He thought that water supports the Earth.
    • This idea was later proven incorrect by scientific discoveries.

  1. What is the significance of Thales’ material monism?
    থেলিচৰ পদাৰ্থবাদী একত্ববাদের গুৰুত্ব কি?

    Answer (উত্তৰ):
    Assamese:
    থেলিচ প্ৰথম দাৰ্শনিক আছিল, যিয়ে সকলো বস্তুৰ বাবে এটা মূল উপাদান (পানী) নির্ধাৰণ কৰিলে।
    • এই মতবাদক “Material Monism” বুলি কোৱা হয়।
    • ইয়াৰ দ্বাৰা প্ৰকৃতিৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ হৈছিল।
    English:
    Thales was the first philosopher to propose that one single substance (water) forms everything.
    • This concept is called “Material Monism”.
    • It started the scientific study of nature.

  1. What is Thales’ legacy in philosophy and science?
    থেলিচৰ দৰ্শন আৰু বিজ্ঞানত থকা অৱদানৰ প্ৰভাৱ কি?

    Answer (উত্তৰ):
    Assamese:
    থেলিচৰ দৰ্শন আৰু বিজ্ঞানত থকা প্ৰভাৱ –
  2. প্ৰথমবাৰৰ বাবে যুক্তিবাদী দৰ্শনৰ সূচনা কৰিলে।
  3. বৈজ্ঞানিক দৃষ্টিভংগী আগবঢ়াই দিলে।
  4. জ্যামিতিত নতুন উপপাদ্য সৃষ্টি কৰিলে।
  5. বিৱৰ্তনশীল চিন্তাধাৰাৰ বিকাশ কৰিলে।
    English:
    Thales’ influence on philosophy and science –
  6. Introduced logical reasoning in philosophy.
  7. Promoted scientific thinking.
  8. Developed new theorems in geometry.
  9. Encouraged progressive thought and exploration.

Hot this week

Homer’s The Odyssey – Book I (Trans. E.V. Rieu, Penguin 1985) | B.A. English Major Semester I

About E. V. Rieu, the translator (1887–1972)  E. V. Rieu...

Kalidasa’s Abhijnana Shakuntala – Summary & Analysis | B.A English 1st Semester (BEGC-101)

Summary Abhijnana Shakuntala Unit 1: Indian Aesthetics – An Introduction This...

Topics

Kalidasa’s Abhijnana Shakuntala – Summary & Analysis | B.A English 1st Semester (BEGC-101)

Summary Abhijnana Shakuntala Unit 1: Indian Aesthetics – An Introduction This...

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | Class-X Social Science SEBA | All Important Notes and MCQs

সংক্ষিপ্ত সাৰাংশ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ভাৰতৰ সাংস্কৃতিক...

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Lesson 4 | Class – X History SEBA | All Notes and MCQ

পাঠৰ ব্যাখ্যা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ১৮২৬ চনৰ...

Programming Languages Lesson-1| Computer Update Class-VIII CBSE

Main Text Programming Languages Language is defined as human system of...
spot_img

Related Articles

Popular Categories

spot_imgspot_img